I am now accessing as a :

Government Of Assam Environment, Forest and Climate Change Department

অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান

আমাৰ উদ্দেশ্য বিবৃতি

আঞ্চলিক প্ৰমুখ চিৰিয়াখানা আৰু এক্স-চিটু সংৰক্ষণ কেন্দ্ৰ থকাৰ উপৰিও আমাৰ লক্ষ্য গুণগত সেৱা আগবঢ়োৱা আৰু প্ৰকৃতি সজাগতা, বন্যজন্তুৰ উদ্ধাৰ আৰু পুনৰ্সংস্থাপন, ব্যখ্যা আৰু দায়িত্বশীল প্ৰাকৃতিক পৰ্যটন। আমি কাম কৰি যাম বনৰীয়া জৌৱবৈচিত্ৰ আধাৰ স্বৰূপে আৰু গুৱাহাটী মহানগৰীৰৰ বাবে এটা সেউজীয়া শ্বাসযন্ত্ৰ তৈয়াৰ কৰিবলৈ। আমি আৰু চেষ্টা কৰিম অসম ৰাজ্যক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন উত্তম আৰু সম্পূৰ্ণ মনোৰঞ্জন আৰু শৈক্ষিক লক্ষ্যস্থল ৰূপে গঢ়ি তুলিম সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চচলৰ ভিতৰতে।

পৰিচয়

  • ১৯৫৭ চনত স্থাপিত কৰা হৈছিল।
  • উত্তৰ-পূৱ ভাৰতৰ অটাইতকৈ ডাঙৰ চিৰিয়াখান।
  • এক্স-চিটু সংৰক্ষণ আৰু সজাগতাৰ আয়োজকৰ গাঁঠি কেন্দ্ৰ আৰু বাহিৰৰ ঢুকিপোৱা কামবোৰ।
  • ``সেউজীয়া হাঁওফাঁও`` চিৰ বৰ্ধিত গুৱাহাটী মহানগৰৰ কাৰণে।

 

অৱস্থান, এলাকা আৰু ভূ-ৰেখা

  • গুৱাহাটী মহানগৰীৰ মাজত অৱস্থিত, অসমৰ  ৰাজধানী, উত্তৰ-পূৱ ভাৰত।
  • হেঙেৰাবাৰী পাহাৰৰ পৰা মৃদুভাৱে তৰংগায়িত হৈ অহা শৈল পাহাৰ (৬০-২০০ এম এছ এল)।
  • ১.৭৫ বৰ্গ কিঃমিঃ আগুৰি থকা এলাকাটোৰ ১১০ হেক্টৰ প্ৰাকৃতিক হাবি।
  • দীঘল, ঠেক ফাঁকেৰে দেখা বাগিচাৰ দৃশ্য, ব-হৎ আৱেষ্টনী আৰু চিৰদিন ভৰি থকা জলাশয়।

 

ইয়াত পাব

  • এ এছ জেদ বি জিৰ অৱস্থান সহ গুৱাহাটীৰ মানচিত্ৰ।
  • এ এছ জেদ বি জিৰ নিৰ্দেশক মানচিত্ৰ।

চিহ্নিত কৰণ

  • পশু প্ৰদৰ্শনী
  • সংগ্ৰাহালয়
  • সৰীসৃপ গৃহ
  • উদ্ভিদ উদ্যান
  • বনৌষধি গছ সংগ্ৰহ
  •  প্ৰাকৃতিক বন

 

পশু প্ৰদৰ্শনী: এটা সাংৰক্ষেপ

  • প্ৰায় ৬০০ জীৱ-জন্তু, চৰাই আৰু সৰীসৃপ আছে
  • ৮৪ প্ৰজাতিৰ জীৱ
  • বহুতো বিৰল আৰু বিপদ-সংকূল প্ৰজাতি
  • সৰহসংখ্যক দেশীয় প্ৰজাতি উত্তৰ-পূৱ ভাৰতত সগনে পোৱা

 

উত্তৰ পূৱ ভাৰতত পোৱা প্ৰজাতি

  • হলৌ বান্দৰ
  • এশিঙীয়া গঁড়
  • সোণালী বান্দৰ
  • ষ্টাম্প টেইল মাচাক
  • গাহৰি নেজীয়া বান্দৰ
  • লাজুকী বান্দৰ
  • সাংগ
  • গধা ফুটুকী
  • সোণালী মেকুৰী
  • বিন্তুৰং
  • মেঠোন
  • চেৰ`
  • ব্ৰাছৰ দৰে নেজৰ কেটেলা পহু
  • শিখৰ নথকা কেটেলা পহু
 

 

আমদানিকৃত প্ৰজাতি

  1. জিৰাফ
  2. জলহস্তী
  3. সিংহ(বৰ্ণসংকৰ)
  4. আফ্ৰিকাৰ বগা গঁড়

 

চৰাইৰ প্ৰদৰ্শন

  • কেচোৱাৰী
  • ৰূপালী ডঁৰিক
  • সৰু ভাটৌ
  • ক`লা শগুণ
  • ষ্টেপ ঈগল
  • পাহাৰী মইনা
  • বিশেষ হাড়গিলা
  • ৰং বোলোৱা হাড়গিলা
  • বেঙুনীয়া বৰণৰ বন কুকুৰা
  • টকলা মূৰৰ ৰাজহাঁহ
  • আঁকুৰি বগ
  • ৰঙা মূৰৰ বৃহৎ বগলী
  • তেলীয়াসাৰেং
  • ভাটৌ
  • গোলাপী ঠোঁটৰ পেলিকান
 

 

সৰিসৃপ প্ৰদৰ্শন

  • মোনোচেলেট ফেটিসাপ
  • ৰেট সাপ
  • তামবৰনীয়া ট্ৰিংকেট
  • বালি অজগৰ
  • ৰঙা বালিৰ অজগৰ
  • ঢেঁকী সাপ
  • মণিটৰ
  • কেঁকো সাপ

 

সংগ্ৰাহালয়

  • সাধাৰণতে উত্তৰ পূৱ-ভাৰতত পোৱা বস্তুৰ নমুনাৰ বিৰল সংগ্ৰহ।
  • বনত পোৱা গৌণ বস্তুৰ সৰ্বাত্মক পুঞ্জ
  • বাঁহৰ কাম, বেটৰ নিৰ্মাণ কাৰ্য্য আৰু হস্তকৰ্ম
  • জীৱাশ্ম কাঠৰ নমুনা
  • ডিমৰু পাতত হাতেৰে কৰা চৰাইৰ চিত্ৰৰ বাছকবনীয়া অংকণ

 

সংগ্ৰহীত লতা-খণ্ড

  • উদ্ভিদ তথ্যৰ এক মূল্যৱান ভাণ্ডাৰ
  • নিস্কলুষভাৱে বাও লগোৱা আৰু সাৱধানে সংৰক্ষণ কৰা পাট আছে ২০০০ খিলা
  • ১০৬টা পৰিয়ালৰ ৫৫০ বিধ প্ৰজাতি সামৰি, সৰহভাগ দেশীয়
  • অবৃত্তিধাৰী, আগ্ৰহী আৰু নিষ্ঠাৱান ছাত্ৰৰ কাৰণে মুকলি
  • উদ্ভিদবীদ, এ এছ জেদ বি জিয়ে পথ নিৰ্দেশনা আৰু প্ৰযুক্তিগত তথ্যৰ যোগান ধৰে আগ্ৰহী দৰ্শকক

 

চৌহদত থকা জৈৱবৈচিত্ৰ

  • গছ-গচনি : ৩৪৫টা প্ৰজাতিৰ গছ
  • স্তন্যপায়ী : ১৭টা প্ৰজাতিৰ (মুক্ত বৰ্গৰ প্ৰজাতিৰ অন্তৰ্ভূক্তিৰে)
  • চৰাই : ১৫৪ প্ৰজাতিৰ
  • সৰ্প : ৩০ প্ৰজাতিৰ
  • পখিলা : ১০৫ প্ৰজাতিৰ
  • আন পতংগ :>১০০ প্ৰজাতিৰ

 

তৰু লতা খণ্ড

  • উত্তৰ-পূৱ ভাৰতৰ এখন অতি সুন্দৰ উদ্ভিদ উদ্যান
  • ৩৪৫ সংখ্যক দেশীয় প্ৰজাতি
  • ২৮০টা প্ৰজাতিৰ বিদেসী বা আমদানিকৃত গছ আছে
  • বিশেষ বিশেষ প্ৰজাতিৰ বাবে নামফলক আছে
  • বহুত সংখ্যক বিৰল আৰু সংকটাপন্ন গছ যেনে কলচি উদ্ভিদ, ডোৱাম গছ, মহিলাৰ চেন্দোলৰ দৰে কপৌ ইত্যাদি

 

উদ্ভিদ-কূল কোষ

  • দেশীয় প্ৰজাতিৰ : ৩৪৫
  • আমদানিকৃত প্ৰজাতি : ২৮০
  • কপৌৰ প্ৰজাতি : ৪০
  • বাঁহৰ প্ৰজাতি : ১০
  • তাল/নাৰিকল প্ৰজাতি : ১২

 

আন আন আকৰ্ষণ

  • জীৱ জন্তু পালন
  • জীৱ জন্তু সাধু
  • শক্তি বৰ্ধক
  • টহল দি নিৰীক্ষণ কৰা
  • হস্তী ৰাইড
  • স্তম্ভৰ দৰে ওখ ঠাই

 

দৰ্শনাৰ্থীৰ সুবিধা সমূহ

  • ফলৰ ৰসৰ দোকান
  • বিশ্ৰাম স্থলী
  • চাইনেজ সমূহ
  • পইণ্টাৰ সমূহ
  • খোৱা পানী
  • প্ৰশাধন সুবিধা
  • আৱৰ্জনা পাত্ৰ

 

দৰ্শকৰ উপভোগ্য বস্তু-সামগ্ৰী

  • গড় হিচাপত বছৰেকত ৫৫ লাখ মানুহে চিৰিয়াখানা দৰ্শণ কৰে
  • ৰাজহ উপাৰ্জন কৰে প্ৰায় ৫ লাখ টকা

অবিৰাম উন্নতিৰ কাৰণে প্ৰচেষ্টা

  • ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক চিৰিয়াখানাৰ লগত উত্তেজনাপূৰ্ণ বিনিময় কাৰ্য্যসূচী
  • শেহতীয়া পশু চিকিৎসা সুবিধা এই অঞ্চলৰ শ্ৰেষ্ঠ লক্ষ্য
  • নবীকৰণ, সাধাৰণ অস্ত্ৰোপচাৰ আৰু নৈসৰ্গিক দৃশ্য বৰ্ধন
  • নিৰ্মাণৰ অধীনত অনেক নতুন আৱেষ্টনী
  • পৌৰ নিগমক জড়িত কৰাই চিৰিয়াখানা তদাৰক
  • নিয়মিত পৰিশিলন, সজীৱকৰণ আৰু প্ৰশিক্ষণ কাৰ্য্যসূচীৰ ব্যৱস্থা চিৰিয়াখানাৰ কৰ্মচাৰীৰ বাবে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সকলোবোৰ চিৰিয়াখানাৰ কাৰণে
  • শিক্ষা, ব্যাখ্যা আৰু সজাগতাৰ সা-সামগ্ৰী প্ৰস্তুত কৰা
  • মহানগৰীত অসহায় বন্যজন্তু উদ্ধাৰৰ কামত অবিৰতভাৱে জড়িত হোৱা

 

উজ্বল ভৱিষ্যতৰ ফালে লক্ষ্য নিবদ্ধ

  • বেমবুচেটাম আৰু জীৱকোষ কেন্দ্ৰ উদগতি কৰা হ`ব এটা অসাধৰণ আৰু একক প্ৰচেষ্টাৰে
  • চিৰিয়াখানৰ ধনব্যয় আৰু আৱেষ্টনীৰ পৰিকল্পনা সম্পূৰ্ণ কৰা হ`ব চি জেড এ ৰ মাষ্টাৰ প্লেন অনুসৰি
  • সমবায় খণ্ডৰ নিৰৱছিন্ন জড়িতকৰণ
  • বন্য জৈৱবৈচিত্ৰৰ সৰ্বাত্মক তথ্যচিত্ৰ সম্পূৰ্ণ কৰা হ`ব
  • স্ব-নিদেৰ্শীত প্ৰাকৃতিক অনুসৰণ কাৰ্য্যকৰী কৰা হ`ব
  • চৌহদৰ জৈৱবৈচিত্ৰৰ ওপৰত বহু-মুখী সা-সজুলি প্ৰস্তুতিৰ অধীনত