মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন

আমি কি কৰো

  • বিভাগৰ দ্বাৰা ৰূপায়িত মূখ্য আঁচনি/কাৰ্য্যক্ৰম/অভিযান/কাৰ্য্যৰ বিৱৰণ

    (ক) (ক)মূখ্য উদ্দেশ্য, উপাদান আৰু লাভাৰ্থী সমূহক সূচিত কৰা আঁচনি সমূহৰ চমু বিৱৰণ।:

    বনাঞ্চল সমূহ ৰাজ্যৰ এক মহত্বপূৰ্ণ ক্ষেত্ৰ। ই প্ৰদান কৰা বস্তু আৰু সেৱাৰ সন্ধৰ্ভত সামাজিক ক্ষেত্ৰৰ এইটো এটা অতি গুৰুত্বপূৰ্ণ উপাদান।

    বন জৰিপ সংস্থা (এফ এছ আই) প্ৰতিবেদন ২০০৩ ৰ সৰ্বশেষ মূল্যায়ন অনুসৰি অসমৰ চিহ্নিত বন এলেকাৰ ভিতৰ আৰু বাহিৰৰ দুয়োটা ভৌগলিক এলেকাৰ বনভূমি হল ৩৪.৪৫%/২৪.৫৮%(বন আৰু গছ সহ ৩৬.৬৭%)। ৬ ষ্ঠ আঁচনি শেষলৈ ৰাষ্ট্ৰই আশা কৰা সাফল্যতকৈ বনভূমি সম্ভৱত বেছি। ৰাজ্যিক আঁচনিৰ অধীনত আশী দশকৰ আৰম্ভণিত পদক্ষেপ লোৱা বনাঞ্চল প্ৰসাৰৰ ধাৰণা অধিসূচীত এলেকাৰ বনৰ সীমাৰ সন্দৰ্ভে ভালকৈয়ে অৱনমিত হৈছে।

    যি কি নহওক অধিসূচীত এলেকাৰ ভিতৰৰ পৰিদৃশ্য বিগত ২০ বছৰ সময়ত বিভিন্ন জৈবিক কাৰকৰ কাৰণে নিম্নগামী বিষয়ত এক উদাসীন স্থিতি দৰ্শায়। ফলস্বৰুপে, প্ৰচুৰ সমৃদ্ধশালী জৈৱবৈচিত্ৰ হেৰাই গৈছে যাক পুনৰাই পুনৰ গঠন কৰাৰ প্ৰয়োজনীয়তা আছে।

    বিভাগৰ দ্বাৰা চিহ্নিত এলেকাসমূহ তলত দিয়া ধৰণৰ :

    সমৃদ্ধশালী জৈৱবৈচিত্ৰপূৰ্ণ এলেকাসমূহৰ সংৰক্ষণ।

    নিম্নগামী ধাৰাক জব্দ কৰা আৰু বিভিন্ন হিতাধিকাৰী সকলৰ জৰিয়তে বনানিকৰণ আৰু পুনৰ বনানিকৰণৰ দ্বাৰা প্ৰক্ৰিয়াটোক ঘূৰাই অনা।

    সংৰক্ষিত এলেকা নেটৱৰ্কৰ সংৰক্ষণ আৰু উন্নয়ন।

    গৱেষণা আৰু উন্নয়নমূলক কাৰ্য্যকলাপৰ উন্নিতকৰণ।

    ওপৰত উল্লেখ কৰা চিহ্নিত এলেকা সমূহত এক শক্তিশালী প্ৰভাৱ পেলাবৰ কাৰণে সকলো সম্ভাৱনীয় উৎসৰ পৰা নিয়মিতৰূপে বিত্তপোষণ কৰাটো আৱশ্যকীয়।

    (খ) ৰূপায়ন তন্ত্ৰ:

    বনাঞ্চল খণ্ডৰ অধীনত নিবেশ আৱশ্যকতা সমূহক পূৰা কৰিবৰ কাৰণে চৰকাৰৰ আগত আৱশ্যকীয় সম্পদৰ সংকটে দেখা দিছে। বিভিন্ন জৈৱ সমৰ্থনৰ প্ৰাকৃতিক কাৰ্য্যকলাপৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ কাৰণে অপৰিহাৰ্য্য হৈছে বনায়ন কাৰ্য্যক্ৰম, বন ক্ষেত্ৰত বিনিয়োগৰ কাৰণে সম্পদ সংগ্ৰহ কৰা অপৰিহাৰ্য্য, বন বিভাগত সম্পদ সংকটৰ আব্যাহত থকা ধাৰটোৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ বিনিয়োগৰ প্ৰয়োজন।

    (গ) আৱণ্টন, ব্যয়, লক্ষ্য আৰু সাফল্য (শাৰীৰিক আৰু বিত্তীয়) আদি বিভাগৰ সম্বন্ধিত শাখাৰ অধীনত দেখুওৱা হয়।