আটাইতকৈ ওচৰৰ বিমান বন্দৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ, গুৱাহাটী বিামান বন্দৰ (১৮০ কিঃমিঃ/৫ ঘণ্টাৰ পথ)। ইণ্ডিয়ান এয়াৰলাইন্স (এয়াৰ ইণ্ডিয়া) জেট এয়াৰৱেজ, জেটলাইট, ইন্দিগ` আৰু গ` এয়াৰৰ দ্বাৰা বাগডোগ্, কলকাতা, নতুন দিল্লী, মুম্বাই, বাংগালোৰ, চেন্নাই, জয়পুৰ, হাইদৰাবাদ, গোৱা, ডিব্ৰুগড়, যোৰবাটৰ পৰা নিয়মিত ভাৱে বিমান চলাচল কৰে। দ্ৰুকএয়াৰে সপ্তাহত দুবাৰকৈ বেংকক আৰু পাৰো(ভূটান)ক গুৱাহাটীৰ লগত যোগাযোগ কৰে।
গুৱাহাটীৰ পৰা মানস ১৭৬ কিঃমিঃ দূৰত্বত অৱস্থিত। ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথে বৰপেটা ৰ`ডক (বৰপেটা টাউন নহয়) সংযুক্ত কৰিছে যি বাঁহবাৰীৰ (মানস প্ৰৱেশ পথ য`ত উদ্যানখন পৰিদৰ্শন কৰিব পৰাকৈ মুচা জাংগল ৰিট্ৰিট অৱস্থিত)পৰা ২২ কিঃমিঃ পথ দূৰত্ব অৱস্থিত। গুৱাহাটীৰ পৰা পথেৰে প্ৰায় ৫ ঘণ্টাৰ যাত্ৰা।
মানসলৈ অন্যান্য পথৰ দূৰত্ব সমূহ হ`ল :
শিলিগুৰিৰ পৰা মুচা, মানস | ৩২৬ কিঃমিঃ |
বাগডোগ্ৰাৰ পৰা মুচা, মানস | ৩৩৫ কিঃমিঃ |
কাজিৰঙাৰ পৰা মুচা, মানস | ৪০১ কিঃমিঃ |
গুৱাহাটী হৈছে উত্তৰ পূৱ ভাৰতৰ প্ৰৱেশ দ্বাৰ। ৰাজধানী এক্সপ্ৰেছ সহ ভাৰতৰ সকলো মূখ্য চহৰ গুৱাহাটীৰ লগত ভালভাৱে সংযুক্ত।
বৰপেটা ৰ`ড ৰেলৱে ষ্টেচনত বহুকেইখন ৰেল ৰখাই, যি ঘাইপথেৰে বাঁহবাৰী (মুচা জাংগল ৰিট্ৰিট, মানস )ৰ পৰা ২২ কিঃমিঃ দূৰত অৱস্থিত।