২০০১ চনৰ লোকপিয়ল অনুসৰি, অসমৰ ২৬.৬৪ মিলিয়ন জনসংখ্যা দেশৰ মুঠ জনসংখ্যাৰ ২.৫ % হয়। ইয়াৰ জনসংখ্যাৰ ঘনত্ব দেশৰ গড় ঘনত্বৰ তুলনাত আংশিকভাৱে বেছি (অসম মানৱ উন্নয়ন ৰিপোৰ্ট ২০০৩)। ২০ শতিকাৰ অধিকাংশ দশক ধৰি, ৰাজ্যৰ জনসংখ্যা ৰাষ্ট্ৰীয় জনসংখ্যাৰ জাতীয় গড়কৈ বেছি আছিল আৰু ইয়াৰ কাৰণ বৃহৎ পৰিমাণে হোৱা প্ৰৱজন বুলি গন্য কৰা হৈছে। কিন্তু এই প্ৰৱণতাটো বিগত দশক ধৰি বিপৰীতমুখী আছিল বুলি ধৰা হয় (অসম মানৱ উন্নয়ন ৰিপোৰ্ট ২০০৩)। প্ৰৱজন এতিয়াও এটা বিৰক্তিকৰ আৰু বিপদজনক পৰিস্থিতি হিছাবে পৰিগণিত হৈছে ৰাজ্য খনৰ স্বাভাবিক সময়তো (ভাৰতবৰ্ষৰ অৰ্থনৈতিক জৰীপ ৬, ২০০৯-১০)। বিংশ শতিকাৰ আৰম্ভণিতে অসমত প্ৰতিকূল যৌন অনুপাতৰ বৈষম্য আছিল যদিও সাম্প্ৰতিক দশকত এই প্ৰাৱণ্যতা দেশৰ ৯৩২ গৰাকী মহিলাৰ তুলনাত ১০০০ জন পুৰষলৈ উন্নিত হৈছে।