অসম হৃদয়স্পৰ্শী মানুহ সহ এখন আকৰ্ষণীয় ভূমি। এইখন এখন মন্ত্ৰমুগ্ধ আৰু ৰোমাঞ্চকৰ আশ্চৰ্য্য ভূমি, এখন সেউজ স্বৰ্গ। ই ইমান সৌন্দৰ্য্য আৰু গভীৰতা ধৰি ৰাখিছে যে এজন প্ৰকৃতি প্ৰেমীক মন্ত্ৰমুগ্ধ কৰি ৰাখে। বিশ্বৰ মানুহক ইয়াৰ সৌষ্ঠৱ আৰু বিস্ময় প্ৰদৰ্শন কৰিবলৈ পৰিৱেশ আৰু বন বিভাগ প্ৰতিশ্ৰুতিবদ্ধ।
এই কাৰ্য্যসূচীৰ প্ৰচুৰ পৰ্যটকৰ বিচৰণ ভূমি আৰু ব্যৱকায় সম্ভাৱনাৰ সৃষ্টি কৰিব পৰা সাম্ভাব্যতা আছে। উত্তৰ পূব ভাৰতৰ প্ৰৱেশ দ্বাৰ হোৱাৰ কাৰণেও অসমৰ সুবিধা আছে। পূব হিমালয়ৰ পাদদেশত অৱস্থিত, অসমৰ বৈদিক যুগৰ সৈতে এটা দীঘল আৰু ৰঙীণ ইতিহাস আছে। মহাভাৰতৰ যুগত ইয়াক প্ৰাগজ্যোতিষপুৰ (পূৰ্ব কিৰণ ভূমি) হিছাবে জনাজাত আছিল।
পুৰাণ আৰু তন্ত্ৰ সমূহত অসমক কামৰূপ হিছাবে উল্লেখ কৰিছিল-সেই ভূমি য`ত কামদেৱ, প্ৰেমৰ দেৱতাৰ পু্নৰ্জন্ম হৈছিল। এইটো বৰ্মণ ৰাজবংশৰ সময় আছিল যে চিয়ুকিত হিউৱেন ছাং, এজন চীনা পৰিব্ৰাজকৰ প্ৰসিদ্ধ অসম পৰিভ্ৰমণৰ কথা লিপিবদ্ধ কৰা হৈছিল। ৬০০ বছৰীয়া আহম ৰাজত্ব কালৰ পিছত, অসম ১৮২৬ চনত ব্ৰিটিছ ভাৰতৰ অংশ হৈ পৰিছিল আৰু তাৰপিছত স্বাধীন ভাৰতৰ এখন সাংবিধানিক ৰাজ্য হিছাবে পৰিগণিত হৈছিল।
অসম বিভিন্ন বৰ্ণ সমাহাৰ অৰ্থাত ইণ্ডো-বাৰ্মীজ, মংগোলীয়, অষ্ট্ৰো-এচিয়, আৰ্য্য, দ্ৰাবিড় আদিৰ এক কোমল পাত্ৰ। এই ৰাজ্য এটা বৃহৎ সংখ্যক জনজাতি গোটৰ বাসস্থানৰৰ; একাদিক্ৰমে বড়ো-কছাৰি, দেউৰী, মিচিং, ডিমাছা, কাৰ্বি, লালুং, ৰাভা আদি। অসমীয়া বা আচামীজ অসমৰ লোকভাষা। এই ৰাজ্য উষ্ঞ আতিথ্যতাৰ কাৰণে প্ৰখ্যাত। ইয়াৰ মানুহ সকল ঘৰুৱা, আকৰ্ষণীয় আৰু খোলা অন্তৰৰ। সৰু আৰু শান্ত পাহাৰীয়া গাওঁ সমূহে মৰমীয়াল মানুহ সকলক আশ্ৰয় দিয়ে, উষ্ঞ আৰু চিত্তাকৰ্ষক আৰু এই ভূমি ভাগ স্বকীয় ৰূপেৰে ৰঙীণ। তেওঁলোকে নিজে বাছকবনীয়া কাপোৰৰ পোছাক পৰিধান কৰে যিবিলাক তেওঁলোকৰ ক্ষুদ্ৰ তাঁতশালত তৈয়াৰ কৰে।