মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Environment, Forest and Climate Change Department

জৈৱবৈচিত্ৰৰ ঐতিহ্য ক্ষেত্ৰ (বি এইচ এছ)

  • জৈৱবৈচিত্ৰৰ আইনৰ ধাৰা-৩৭ ৰ অধীনত, ৰাজ্য চৰকাৰে স্থানীয় সংস্থাসমূহৰ লগত পৰামৰ্শ অনুযায়ী গুৰুত্বপূৰ্ণ জৈৱবৈচিত্ৰ এলেকা সমূহক জৈৱবৈচিত্ৰ ঐতিহ্য ক্ষেত্ৰ হিছাবে অৱগত কৰিব পাৰে (বি এইচ এছ)।

    জৈৱবৈচিত্ৰৰ ঐতিহ্য ক্ষেত্ৰ সমূহ (বি এইচ এছ) হ`ল অনন্য পৰিস্থিতি তন্ত্ৰ যাৰ আছে তলত উল্লেখিত উপাদান সমূহৰ যি কোনো এটা বা অধিক উপাদানেৰে গঠিত সমৃদ্ধিশালী জৈৱবৈচিত্ৰ :

    1. সমৃদ্ধিশালী বন্য তথা ঘৰুৱা প্ৰজাতি সমূহ বা আন্তঃবিশিষ্ট শ্ৰেণীসমূহ।
    2. উচ্চ স্থানিকতা।
    3. বিৰল আৰু বিপদশংকুল প্ৰজাতি সমূহ, কিস্টোন প্ৰজাতি, বিৱৰ্তনীয় তাৎপৰ্য্যপুৰ্ণ প্ৰজাতিৰ উপস্থিতি।
    4. ঘৰুৱা / কৃষি প্ৰজাতি সমূহ বা সিহতৰ বিভিন্ন প্ৰকাৰ সমূহৰ বন্য পূৰ্বজ সমূহ।
    5. ্তৰভূত জীবাশ্ম সমূহৰ প্ৰতিনিধিত্বত জৈৱিক উপাদান সমূহৰ বিগত পূৰ্ব প্ৰতিষ্ঠা কৰা আৰু মহত্বপূৰ্ণ সংস্কৃতিক, নৈতিক বা নান্দনিক মূল্য ৰখাত আৰু সংস্কৃতিক বৈচিত্ৰতাৰ ৰক্ষণাবেক্ষণৰ কাৰণে গুৰুত্বপূৰ্ণ হয়, সেইসমূহৰ লগত মানৱ সম্বন্ধৰ দীৰ্ঘ ইতিহাসৰ সৈতে বা তাৰ অবিহনে।

    ``স্থানীয় সম্প্ৰদায় সমূহৰ প্ৰচলিত ৰীতিনীতি আৰু ব্যৱহাৰৰ ওপৰত বি এইচ এচে কোনো ধৰণৰ নিষেধাজ্ঞা প্ৰদান নকৰিব, তেওঁলোকৰ স্বেচ্ছাই লোৱা সিদ্ধান্তৰ বাহিৰে। বি এইচ এছৰ এই ঘোষণাৰ উদ্দেশ্য হৈছে যে এই ধৰণৰ স্থান সমূহৰ সংৰক্ষণৰ মাধ্যমেৰে স্থানীয় সম্প্ৰদায়ৰ জীৱনযাত্ৰাৰ মান উন্নত কৰা।

    বৰ্তমান, অসম চৰকাৰে প্ৰথম জৈৱবৈচিত্ৰৰ ঐতিহ্য ক্ষেত্ৰ হিছাবে ``মাজুলী``ক চিনাক্ত কৰিছে আৰু এই ধৰণৰ অন্য ক্ষেত্ৰ সমূহৰ ঘোষণাৰ কাৰণে প্ৰক্ৰিয়া চলি আছে।