অসমত বহুতো স্বাস্থ্যসেৱা প্ৰতিষ্ঠান আছে। ৫০ লাখ জনবসতিপূৰ্ণ চহৰত ৫০০ খন বা তাতকৈ অধিক বিছনাযুক্ত চিকিৎসালয় আৰু নাৰ্চিং হোমৰ সংখ্যা ৩(তিনি) খন; ২০০ খন বা তাতকৈ অধিক বিছনাযুক্ত চিকিৎসালয় আৰু নাৰ্চিং হোমৰ সংখ্যা ৫ (পাঁচ)খন; ৫০ খন বা তাতকৈ অধিক বিছনাযুক্ত চিকিৎসালয় আৰু নাৰ্চিং হোমৰ সংখ্যা ৪৭ (সাতচল্লিশ)খন আৰু ৫০ খনতকৈ কম বিছনাযুক্ত চিকিৎসালয় আৰু নাৰ্চিং হোমৰ সংখ্যা ৪২৭ (চাৰিশ সাতাইশ)খন। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব`ৰ্ড, অসম জৈৱ-চিকিৎসা আৱৰ্জনা (প্ৰৱন্ধন আৰু পৰিচালনা)নিয়ম, ১৯৯৮ ক ৰূপায়ণ কৰিবলৈ ৰজ্যৰ নিৰ্ধাৰিত প্ৰাধিকাৰী।
(ক) | (ক)অন্য যিকোনো পদ্ধতিত জৈৱ-চিকিৎসা আৱৰ্জনা উৎপাদন, সংগ্ৰহ, সংৰক্ষণ, পৰিবহণ, চিকিৎসা, নিস্পত্তি, আৰু/বা জৈৱ-চিকিৎসা আৱৰ্জনা ব্যৱস্থাপনা কোনো প্ৰতিষ্ঠানৰ প্ৰতিটো অধাসীৰ যেনেকৈ ক্লিনিক, ডিসপেঞ্চেৰীজ, পেথলজিকেল লেবৰটৰিজ, ব্লাড বেংক যিয়ে চিকিৎসা/সেৱা আগবঢ়ায় প্ৰতি মাহে ১০০০ (এক হাজাৰ) জন ৰোগীতকে কম হয় তেওঁলোকে অনুমোদনৰ কাৰণে নিৰ্ধাৰিত কৰ্তৃপক্ষৰ ওচৰত ফৰ্ম ১ ত অনুমোদনৰ কাৰণে আবেদন কৰিব পাৰে। |
(খ) | (খ)জৈৱ-চিকিৎসা আৱৰ্জনা সুবিধা সমূহ প্ৰতিজন অপাৰেটৰে অনুমোদন প্ৰদানৰ কাৰণে নিৰ্ধাৰিত কৰ্তপক্ষক ফৰ্ম ১ নত আবেদন কৰিব। |
(গ) | কৰ্তৃপক্ষৰ অনুমোদনৰ কাৰণে ফৰ্ম ১ ৰ প্ৰতিখন আবেদন ৰাজ্য চৰকাৰৰ কৰ্তৃত্ব নিৰ্ধাৰিত এটা মূল্য দ্বাৰা আবেদন কৰিব। ব`ৰ্ডে এই পয্যন্ত ৰাজ্যত প্ৰায় ৪৮২ জৈৱ-চিকিৎসা আৱৰ্জনা উৎপাদকক চিহ্নিত কৰিছে। |
এই প্ৰতিষ্ঠানসমূহক ব`ৰ্ডৰ অনুমোদন প্ৰাপ্তিৰ প্ৰয়োজন আৰু জৈৱ-চিকিৎসা আৱৰ্জনা সমূহ সংগ্ৰহ, বিচ্ছেদ, চিকিৎসা আৰু নিস্পত্তিৰ কাৰণে পৰ্যাপ্ত সুযোগ সুবিধা প্ৰদান কৰা প্ৰয়োজন।
জৈৱ-চিকিৎসা আৱৰ্জনা (প্ৰৱন্ধন আৰু পৰিচালনা)নিয়ম অনুযায়ী ব`ৰ্ডৰ অনুমোদন লাভ কৰিবৰ কাৰণে সকলো বিষয়াৰে কৰ্তব্য। আৱেদনপত্ৰ সমূহ ব`ৰ্ড অফিছত বিনামূল্যে পোৱা যায় বা ওৱেবচাইটৰ পৰা ডাউনলোড কৰিব পাৰি। অনুমোদনৰ কাৰণে আৱেদন প্ৰত্ৰ নিৰ্ধাৰিত মাচুল সহ সদস্য সচিব, অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব`ৰ্ড, গুৱাহাটীত দেয় হ`ব লাগে। পৃথকীকৰণ, সংগ্ৰহ, জমা, ব্যৱহাৰ, নিস্পত্তি, পৰ্য্যৱেক্ষণ, ৰেকৰ্ডৰ ৰক্ষণাপেক্ষণ ও প্ৰতিবেদন জমা দিয়াৰ বিষয়ে সংক্ৰান্তীয় শৰ্তাৱলী অনুমোদনৰ মাধ্যমেৰে নিক্ষিপ্ত।
জৈৱ-চিকিৎসা আৱৰ্জনা উৎপাদন কৰা সকলো প্ৰতিষ্ঠানৰ সকলো স্বত্তাধিকাৰীয়ে এইটো সুনিশ্চিত কৰিবলৈ সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব যাতে এই আৱৰ্জনাৰ ফলত পৰিবেশ আৰু মানৱ স্বাস্থ্যৰ ওপৰত কোনো ধৰণৰ প্ৰতিকূল প্ৰভাৱ নপৰে।
চলিত বৰ্ষৰ সময়ৰ জৈৱ-চিকিৎসা আৱৰ্জনা সমূহ নিয়ন্ত্ৰণৰ শ্ৰেণী আৰু সংখ্যাৰ বিষয়ে তথ্য সমাপ্ত কৰিবৰ কাৰণে প্ৰত্যেক স্বত্তাধিকাৰী/চালকে প্ৰতি বছৰৰ ৩১ জানুৱাৰী লৈকে ফৰ্ম-২ত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব`ৰ্ডক বাৰ্ষিক প্ৰতিবেদন দাখিল কৰিব। ৰাজ্যিক ব`ৰ্ডে এই তথ্যক কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব`ৰ্ডক প্ৰতিবছৰৰ ৩১ মাৰ্চৰ ভিতৰত সংকলিত ৰূপত প্ৰেৰণ কৰিব লাগিব।
নিয়ম অনুসৰি দহটা শ্ৰেণীৰ অধীনৰ আৱৰ্জনা সমূহ চাৰিটা বেলেগ বেলেগ ৰঙীন পাত্ৰ/মোনা সমূহত ৰাখিব লাগিব। আৱৰ্জনা সমূহক দকৈ পোতা, জ্বলাই পেলোৱা, অ`ট`ক্লেভিং, মাইক্ৰ`ৱেভিং, ছেদন কৰা, খণ্ডবিখণ্ড আৰু ৰাসায়নিক নিৰ্বীজনৰ নিচিনা পদ্ধতিৰ ব্যৱহাৰ কৰি ব্যৱহাৰ কৰিব পাৰি। অধিকাংশ চিকিৎচালয়তে ব্যৱহাৰ আৰু নিস্পত্তিৰ সুবিধা সমূহ অপৰ্য্যাপ্ত।
ক্ৰঃনং. | বিছনাৰসংখ্যা | মাচুল (টকাত) |
১ | ৫০০ খন বা তাতকৈ অধিক বিছনাযুক্ত | ২,০০,০০০.০০ |
২ | ২০০ খন বা তাতকৈ অধিক কিন্তু ৫০০ খনতকৈ কম বিছনাযুক্ত | ১,৫০,০০০.০০ |
৩ | ৫০ খন বা তাতকৈ অধিক কিন্তু ২০০ খনতকৈ কম বিছনাযুক্ত | ১,০০,০০০.০০ |
৪ | ৫০ খনতকৈ কম বিছনাযুক্ত | ৫০,,০০০.০০ |
৫ | ওপৰত উল্লেখ কৰা কেইখনক অন্তৰ্ভূক্ত নকৰাকৈ অন্য সকলো জৈৱ-সিকিৎসা আৱৰ্জনা উৎপাদনকাৰী প্ৰতিষ্ঠান | ৪০,০০০.০০ |
বিকল্প | আৱৰ্জনাৰশ্ৰেণী | ব্যৱহাৰআৰুনিষ্পত্তি |
১ | ২ | ৩ |
শ্ৰেণী নং. ১ | মানৱ শাৰিৰীক আৱৰ্জনা(মানুহৰ পেশী, অংগ, দেহৰ অংশ) | জ্বলাই পেলোৱা/দকৈ পুতি পেলোৱা |
শ্ৰেণী নং. ২ | পশুৰ আৱৰ্জনা (জন্তুৰ পেশী, অংগ, দেহৰ অংশ, ৰক্তস্ৰাপ আংশ ৰক্ত দ্ৰব্য আৰু গৱেষণাত ব্যৱহৃত হোৱা পৰিক্ষণ মূলক প্ৰণী, পশুচিকিৎসা মহাবিদ্যালয়ৰ দ্বাৰা সৃষ্টি হোৱা আৱৰ্জনা, চিকিৎসালয়ৰ পৰা হোৱা নিৰ্গমন, পশু গৃহ সমূহ) | জ্বলাই পেলোৱা/দকৈ পুতি পেলোৱা |
শ্ৰেণী নং. ৩ | জীৱাণুবিজ্ঞান আৰু জৈৱপ্ৰযু্ক্তি আৱৰ্জনা(লেবৰেটৰী কালচাৰৰ ষ্টক আৰু অণুজীৱৰ স্পেচিমেঞ্চ জীৱিত বা ক্ষয়প্ৰাপ্ত ভ্যেকচিন, মানুহ আৰু জীৱজন্তুৰ পেশী কালচাৰ গৱেষণা আৰু উদ্যোগিক গৱেষণাগাৰ, জৈৱবিজ্ঞান সম্বধিয় টস্কিন, কালচাৰৰ কাৰণে ব্যৱহাৰ হোৱা ডিচ আৰু সৰঞ্জামৰ আৱৰ্জনা) | স্থানীয় অ`ট`ক্লেভিং/মাইক্ৰ`ৱেভিং /ছেদন কৰা |
শ্ৰেণী নং. ৪ | আৱৰ্জনা ধাৰথকা (বেজি, চিৰিঞ্জ, স্কেলপেল,ব্লেড, গ্লাছ,ইত্যাদি যিয়ে বিন্ধিব বা কাটিব পাৰে ব্যৱহৃত আৰু অব্যৱহৃত দুয়োবিধকে সামৰি) | কীটনাশক (ৰাষায়নিক চিকিৎসা/অটোক্লোভিং/মাইক্ৰোওয়েভিং আৰু মিউটিলেচন/শ্ৰেডিং |
শ্ৰেণী নং. ৫ | পৰিত্যাগ কৰা ঔষধ আৰু চাইট`টক্সিক ঔষধ(বৰ্জনীয় আৰু পুৰণি ঔষধ, দূষিত আৰু পৰিতক্ত ঔষধ) | নিৰাপদ লেণ্ডফিল্ড মাধ্যমেৰে ভস্মীকৰণ/ধ্বংসকৰণ আৰু ঔষধৰ নিস্পত্তি |
শ্ৰেণী নং. ৬ | ভূমি আৱৰ্জনা(তেজৰ সৈতে দূষিত বস্তু, আৰু তুলা সহ শৰীৰৰ তৰল, ড্ৰেছিং, মৃত্তিকাযুক্ত প্লাষ্টাৰ, লাইনচ, বিছনাপত্ৰ, অন্যান্য শৰীৰৰ মাধ্যমেৰে দূষিত উপাদান) | ভস্মীকৰণ/অটোক্লোভিং/মাইক্ৰোওয়েভিং |
শ্ৰেণী নং. ৭ | গোটা আৱৰ্জনা (ইণ্ট্ৰাভেনাচ ছেট, কেথেটৰ ইত্যাদি ধাৰথকা সামগ্ৰী সমূহৰ বাহিৰেও নিষ্পত্তিযোগ্য সামগ্ৰী সমূহৰ পৰা উৎপন্ন আৱৰ্জনা) | ৰাষায়নিক পদ্ধতিৰ দ্বাৰা অসংক্ৰমন,অটোক্লোভিং/মাইক্ৰোওয়েভিং আৰু মিউটিলেচন/শ্ৰেডিং |
শ্ৰেণী নং. ৮ | তৰল আৱৰ্জনা(ল্যবেৰ্টৰি আৰু ৱাচিং, পৰিস্কাৰ কৰা, গৃহস্থালি আৰু অসংক্ৰমণ কাৰ্য্যক্ৰমৰ পৰা উৎপন্ন হোৱা আৱৰ্জনা) | ৰাষায়নিক পদ্ধতিৰ দ্বাৰা অসংক্ৰমন আৰু নলাত নিৰ্বাহন |
শ্ৰেণী নং. ৯ | ভস্মীকৰণ ছাঁই( যি কোনো ধৰণৰ জৈৱ-চিকিৎসাৰ পৰা উৎপন্ন হোৱা ছাঁই) | পৌৰ লেণ্ডফিল্ডৰ নিষ্পত্তি |
শ্ৰেণী নং. ১০ | ৰাষায়ণিক আৱৰ্জনা(জীৱাণুৰ উৎপাদন ব্যৱহৃত ৰাষায়নিক, কীটনাশক হিছাবে ব্যৱহৃত ৰাষায়ন ইত্যাদি) | গোটা পদাৰ্থৰ কাৰণে তৰল পদাৰ্থ আৰু সুৰক্ষিত লেণ্ডফিল্ডৰ কাৰণে নলাত ৰাষায়নৰ ব্যৱহাৰ আৰু নিৰ্বাহন |
ৰঙীন কোডিং | প্ৰাত্ৰৰ প্ৰকাৰ | আৱৰ্জনা শ্ৰেণী | অনুসূচি১মতেবিকল্পৰব্যবহাৰৰ |
হালধীয়া | প্লাষ্টিকৰ মোনা | চি এ টি. ১, চি এ টি. ২, চি এ টি. ৩, আৰু চি এ টি. ৬ | দকৈ পোতা/জ্বলাই পেলোৱা |
ৰঙা | বীজানুৰোধক কনটেইনাৰ / প্লাষ্টিকৰ মোনা | চি এ টি. ৩, চি এ টি. ৬, চি এ টি. ৭. | ৰাষায়নিক চিকিৎসা/অটোক্লোভিং/মাইক্ৰোওয়েভিং |
নীলা / বগা পাৰদৰ্শী | প্লাষ্টিকৰ মোনা/ ছিদ্ৰ কৰিব নোৱাৰা কনটেইনাৰ | চি এ টি. ৪, চি এ টি. ৭ | অটোক্লোভিং/মাইক্ৰোওয়েভিং/ৰাষায়নিক চিকিৎসা আৰু ধ্বংস / শ্ৰেডিং |
ক`লা | প্লাষ্টিকৰ মোনা | চি এ টি. ৫ আৰু চি এ টি. ৯ আৰু চি এ টি. ১০ (গোটা) | নিৰাপদ ল্যণ্ডফিল্ডত নিষ্পত্তি |