মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন

ৰাজহ প্ৰৱন্ধন

ৰাজহআইনে নিদিৰ্ষ্ট উদ্যোগ আৰু স্থানীয় কৰ্তৃপক্ষৰ দ্বাৰা কৰ আৰোপ কৰে ৰাজহ সংগ্ৰহৰ কাৰণে এজন ব্যক্তিৰ দ্বাৰা গ্ৰহণ কৰা পানী ওপৰত। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব`ৰ্ড আৰু ৰাজ্যিক ব`ৰ্ডৰ সম্পদসমূৰ বৃদ্ধি আৰু জল সংৰক্ষণ বৃদ্ধিক উৎসাহ দিয়াই ইয়াৰ উদ্দেশ্য। তদানুসৰি, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব`ৰ্ডে জল (প্ৰতিৰোধ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ)ৰাজহ আইন ১৯৭৭ আৰু বৰ্তমানলৈকে সংশোধিত আইনৰ অনুসূচী ১ত উল্লেখিত উদ্যোগ সমূহৰ শ্ৰেণীৰ পৰা জল ৰাজহ সংগ্ৰহ কৰে। জল (প্ৰতিৰোধ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ)ৰাজহ নিয়ম ১৯৭৮ৰ সঠিক ৰূপত (ফৰ্ম-১নত) উপভোক্তা কৰ্তৃপক্ষৰ দ্বাৰা দাখিল কৰা পানী কনজাম্পচন ৰিটাৰ্ণৰ ভিত্তিত (প্ৰতিৰোধ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ)ৰাজহ (সংশোধনী) আইন ১৯৯১ৰ অনুসূচী ২ অনূযায়ী জল ৰাজহ সংগ্ৰহ কৰি অহা হৈছে। ব`ৰ্ডৰ দ্বাৰা সংগ্ৰহ কৰা ৰাজহ সমূহ ভাৰতৰ সঞ্চিত নিধিলৈ পঠাই দিয়া হয়।

১ জানুৱাৰি ১৯৯৮ পৰা সংশোধিত সূত্ৰ অনুযায়ী এছ পি চি বি য়ে সংগ্ৰহ কৰা ৮০% ৰাজহ ঘূৰাই দিয়া হ`ব তেওলোকৰ অনুমোদন খৰচৰ প্ৰয়োজনীয়তা পূৰণৰ কাৰণে জলসেৱা আইন ১৯৭৭ চনৰ ধৰা ৮ অনুযায়ী। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন সাপেক্ষে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব`ৰ্ডৰ মাধ্যমেৰে দেশৰ কোনো অংশত বিশেষ প্ৰকল্প গ্ৰহণৰ কাৰণে কেন্দ্ৰীয় চৰকৰাৰ লগত ২০ % পৰ্য্যন্ত সংগ্ৰহীত ৰাজহ থাকিব।

ইয়াৰ বাহিৰেও জল ৰাজহ আইনে ইয়াৰ আঁওতাত অহা সমস্ত শিল্প (মূখ্য/মধ্যম)আৰু সৰু-সৰু শিল্পসমূহ চিনাক্ত আৰু আচ্ছাদিত কৰিছে।