মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন

বিপদজনক আৱৰ্জনা

বিপদজনক আৱৰ্জনা অপসাৰণৰ কাৰণে অনিয়ন্ত্ৰিত উৎপাদনক প্ৰতিৰোধ আৰু বিপদজনক আৱৰ্জনা সমূহ কৰা নিষ্পত্তি কৰা যিটো ভাৰত চৰকাৰে পৰিবেশ (সুৰক্ষা), আইন ১৯৮৬ৰ অধীনত বিপদজনক আৱৰ্জনা (প্ৰৱন্ধন আৰু পৰিচালন) নিয়মাৱলী, ১৯৮৯ত অমাৰ দেশৰ কাৰণে এটা গভীৰ উদ্বেগৰ বিষয় বুলি উল্লেখ কৰিছে। ২০০০ আৰু ২০১৩ চনত এই নিয়ম সমূহ আৰু সংশোধন কৰা হৈছিল, কেন্দ্ৰীয় চৰকাৰে ২৪.০৯.২০০৮তাৰিখৰ অধিসূচনাৰ দ্বাৰা ওপৰত উল্লেখ কৰা নিয়ম সমূহ অধিগ্ৰহণ কৰে আৰু বিপদজনক আৱৰ্জনা সমূহৰ (পৰিচালন প্ৰৱন্ধন তথা ট্ৰান্স সীমা আন্দোলন)নিয়ম, ২০০৮ প্ৰস্তুত কৰে আৰু ২০১০ বৰ্ষত সেইখিনি সংশোধিত কৰিছিল।

ভাৰতৰ উচ্চতম ন্যায়্যলয় ডব্লিউ পি (চি) নং-৬৫৭/৯৫ৰ নিৰ্দেশৰ পিছত বিপদজনক আৱৰ্জনা ব্যৱস্থাপনা ৰূপায়নৰ প্ৰেৰণা পোৱা হয়।

মাননীয় উচ্চতম ন্যায়্যলয়ৰ আধেশ অনুযায়ী ১৪.০৩.২০০৩ চনৰ ডব্লিউ পি (চি)নং-৬৫৭/৯৫ ত বিপদজনক আৱৰ্জনা ব্যৱস্থাপনা আৰু ব্যৱহাৰৰ কাৰণে বিভিন্ন নিৰ্দেশাৱলী জাৰী কৰে আৰু এই নিৰ্দেশনাৰ মাধ্যমেৰে বিপদজনক আৱৰ্জনা সমূহৰ এখন তালিকা প্ৰস্তুত কৰে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব`ৰ্ডে।

অনুমোদন কেনেদৰে লাভ কৰিব পাৰি ?
  1. উৎপাদন, প্ৰক্ৰিয়াকৰণ, ব্যৱহাৰ, জমা, পেকেজ স্টোৰেজ, প্ৰক্ৰিয়াকৰণ, প্ৰয়োগ, সংগ্ৰহ, ধ্বংস, ৰূপান্তৰ, বিক্ৰয়, স্থানান্তৰ বা বিপদজনক আৱৰ্জনা সুবিধা গ্ৰহণ কাৰী সকলে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব`ৰ্ডেত আবেদন কৰিব পাৰে ৬০ দিনৰ ভিতৰত এই নিয়ম সমূহৰ আৰম্ভনিতে ফৰ্ম-১ মাধ্যমেৰে:

    উল্লেখ কৰা হৈছে যে যি কোনো ব্যক্তিয়ে বিপদজনক আৱৰ্জন (প্ৰৱন্ধন আৰু পৰিচালন) নিয়মাৱলী, ১৯৮৯ৰ অধীনত অনুমোদন শেষ নোহোৱালৈকে কোনো ধৰণৰ অস্থায়ী অনুমোদনৰ কাৰণে আৱেদন কৰিব নালাগে।

  2. ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব`ৰ্ডে অনুমোদনৰ কাৰণে সম্পূৰ্ণ কৰা আৱেদন পত্ৰ লাভ কৰি প্ৰয়োজনীয় অনুসন্ধানৰ আৰু সন্তুষ্টি লাভৰ পিছত লক্ষ্য কৰে যে আৱেদনকাৰীয়ে বিপদজনক আৱৰ্জনা সমূহ চম্ভালিবৰ কাৰণে যথাযথ টেকনিকেল ক্ষমতা আৰু সৰঞ্জাম সমূহ নিৰাপদ ভাবে পৰিচালনা কৰিব পাৰে, এশ বা তাতোধিক দিনৰ ভিতৰত ফৰ্ম-২ত অনোমোদন লাভ কৰে যি পাঁচ বছৰৰ কাৰণে কাৰ্য্যকৰী হ`ব তাত উল্লেখ থকা শৰ্তাৱলী অনুযায়ী।
  3. ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব`ৰ্ডে কোনো অনুমোদন অগ্ৰাহ্য কৰিব পাৰে আৱেদন কাৰিৰ পৰা গ্ৰহণ কৰা যুক্তিযুক্ত শুনানীৰ পিছত।
  4. সকলো ব্যক্তি যি এই নিয়ময় অধীনত অনুমোদিত তেওঁলোকে তেওঁলোকৰ দ্বাৰা পৰিচালিত বিপদজনক আৱৰ্জনা সমূহৰ তালিকা ফৰ্ম ৩ত উল্লেখ কৰি ৰাখিব লাগিব আৰু প্ৰণয়ন আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব`ৰ্ডক জমা দিব লাগিব, বিত্তীয় বৰ্ষ শেষত জুনৰ ৩০ দিন বা তাৰ আগতে ফৰ্ম ৪ ত উল্লেখিত বাৰ্ষিক ৰিৰ্টাণ সহ।
  5. পুনঃনবীকৰণৰ কাৰণে ফৰ্ম ১ত আৱেদন কৰিব পাৰে অনুমোদন সমাপ্ত হোৱাৰ আগতে আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব`ৰ্ডে আনুমোদন পুনঃনবীকৰণ কৰিব পাৰে সকলো আৱস্থাৰ শৰ্তাৱলী প্ৰতিটো ক্ষেত্ৰতে পৰীক্ষা কৰাৰ পিছত যে আইন বা ইয়াৰ অধীনত প্ৰণীত বিধি বা অনুমোদনৰ নিৰ্দিষ্ট শৰ্তাৱলী উলঙ্ঘলৰ কোনো প্ৰতিবেদন নাথাকিলে।.
পঞ্জীয়ন প্ৰদানৰ পদ্ধতি

অনুসূচী ৪ত উল্লেখিত বিপদজনক আৱৰ্জনা পুনঃনবীকৰণ আৰু প্ৰক্ৰিয়াকৰণৰ কাৰণে সকলো ব্যক্তিয়ে ফৰ্ম ৫ত আৱেদন কৰিব পাৰে, পঞ্জীয়ন আৰু অনুদান বা পুনঃনবিকৰণৰ নিম্নলিখিত নথি পত্ৰৰ প্ৰতিলিপি সহ।

  1. জল (প্ৰদূষণৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৭৪(২৫ৰ ১৯৭৪)আৰু (প্ৰদূষণৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৮১(২১ৰ ১৯৮১) অধীনত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব`ৰ্ডৰ সন্মতিৰ দ্বাৰা স্থাপন কৰা।
  2. জিলা উদ্যোগ কেন্দ্ৰ বা এই বিষয়ে অনুমোদিত যি কোনো অন্য চৰকাৰী সংস্থাৰ দ্বাৰা জাৰি কৰা পঞ্জীয়নৰ প্ৰশংসাপত্ৰ।
  3. জিলা উদ্যোগ কেন্দ্ৰ বা এই বিষয়ে অনুমোদিত যি কোনো অন্য চৰকাৰী সংস্থাৰ দ্বাৰা জাৰি কৰা স্থাপিত যন্ত্ৰপাতি আৰু প্লেণ্টৰ সামৰ্থৰ পঞ্জীয়নৰ প্ৰশংসাপত্ৰ।
  4. পুনঃনবীকৰণৰ ক্ষেত্ৰত, প্ৰদূষণৰ নিয়ম পালনৰ প্ৰমাণপত্ৰ, প্ৰদূষণৰ মান আৰু ব্যৱহাৰ আৰু বিপদজনক আৱৰ্জনা নিষ্পত্তি, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব`ৰ্ড বা কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব`ৰ্ডৰ ক্ষেত্ৰীয় কাৰ্য্যালয়ৰ পৰা প্ৰযোজ্য।