সকলো প্ৰদূষণ নিয়ন্ত্ৰণ কাৰ্য্যক্ৰমৰ অন্তঃ প্ৰকৃতিক সংসাধন সমূহৰ গুণাগুণৰ চোৱাচিতা আৰু পুনঃস্থাপনৰ লক্ষ্যই হৈছে অন্তিম লক্ষ্য। এই কাৰণে সংসাধন সমূহৰ আভ্যন্তৰীণ মান সম্পৰ্কে জ্ঞান পৰিকল্পনাৰ কাৰণে এটা পূৰ্বশৰ্ত আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থাপনা কৌশলসমূহ কাৰ্য্যকৰি কৰণ। ব`ৰ্ডে ৰাজ্যৰ সমৃদ্ধ ও বৈচিত্ৰময় জলসম্পদ সমূহৰ পৰিমাপক নিৰীক্ষণ কৰিবৰ কাৰণে এটা নেটৱৰ্কৰ পৰিচালনা কৰে। ব`ৰ্ডে ৩ টা প্ৰধান পৰিকল্পনাৰ মাধ্যমেৰে পানীৰ পৰিবেশগত গুণাগুণ নিৰীক্ষণ কৰে। সেইসমূহ হৈছে
এম আই এন এ আৰ এছ কাৰ্য্যক্ৰম : কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব`ৰ্ডৰ আধীনত পৰিচালিত ভাৰতীয় জাতীয় জলজ সম্পদ সংস্থানৰ তত্বাৱধানত এই ব`ৰ্ডে ইতিমধ্যেই নিৰ্বাচিত নদীসমূহৰ পৃষ্ঠতলিৰ পানীৰ পৰিবেশগত গুণাগুণ নিৰীক্ষণ ও বিশ্লেষণৰ কাৰণে ইতিমধ্যে ইয়াৰ কাৰ্য্যক্ৰমক তীব্ৰতৰ কৰি তুলিছে। এই প্ৰগ্ৰেমৰ অধীনত ব্ৰহ্মপুত্ৰ নদ আৰু ইয়াৰ উপনদী সমূহত ১০ টা (দহ)আৰু ১ টা (এক) বৰাক নদীত নিৰীক্ষণ কেন্দ্ৰ ব`ৰ্ডৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয় আৰু নিয়মিত ভাৱে মাহৰ অন্তৰত ১৯৮৭ চনৰ পৰা নিৰীক্ষণ কৰি অহা হৈছে। ২০০২ চনৰ আগষ্টৰ পৰা বাৰ্ষিক পৰ্যবেক্ষণ কেন্দ্ৰৰ সংখ্যা ক্ৰমান্বয়ে ১১ টাৰ পৰা ২৯ টা লৈ বৃদ্ধি পাইছে য`ত অসমৰ ১০ টা নিৰ্বাচিত অংশ সমূহৰ পৰা সংগ্ৰহকৃত জলজ নমুনা সংগ্ৰহকো সামৰি লোৱা হৈছে।
| ক্ৰঃ নং. | নদী সমূহৰ নাম | প্ৰকাৰ | পৰ্য্যৱেক্ষণৰ আবৃত্তি | পয্যৱেক্ষণৰ পইণ্ট সমূহৰ অৱস্থান |
|---|---|---|---|---|
| ১ | ব্ৰহ্মপুত্ৰ নদ | নদী | প্ৰতি মাহে | i) মাইজান, ডিব্ৰুগড়ত |
| ২ | ii) বালিজানত | |||
| ৩ | iii)নিমাতীঘাট, যোৰহাটত | |||
| ৪ | iv) পান্দু, গুৱাহাটীত | |||
| ৫ | v) ধেনুখনা পাহাৰ, তেজপুৰত | |||
| ৬ | vi)যোগীঘোপা, বঙাইগাওঁত | |||
| ৭ | জাঁজী নদী | নদী | ত্ৰৈমাসিক | জাঁজী, শিৱসাগৰত |
| ৮ | ধনশিৰি নদী | গোলাঘাটত | ||
| ৯ | সোৱণশিৰি নদী | গেৰুকামুখ, লখিমপুৰত | ||
| ১০ | এলেঙা বীল | পুখুৰী | জাগিৰোডত এইচ পি চি প্ৰদূষণ লগত সংগমৰ পিছত | |
| ১১ | দিচাং নদী | নদী | গুদামঘাট, সাঁপেখাটিত | |
| ১২ | বুঢ়ীদিহিং নদী | মাৰ্ঘেৰিটাত | ||
| ১৩ | বৰাক নদী | পঞ্চমগ্ৰাম, কাচাৰত এইচ পি চি প্ৰদূষণ লগত সংগমৰ পিছত | ||
| ১৪ | ভোগদৈ নদী | এন এইচ ক্ৰচিঙত, যোৰহাট | ||
| ১৫ | ভৰলু নদী | গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদৰ সৈতে সংঘৰ্ষৰ আগত প্ৰাগজ্যোতিষ কলেজৰ সমীপত | ||
| ১৬ | দীপৰ বীল | পুখুৰী | গুৱাহাটীত | |
| ১৭ | ডিগবৈ নদী | নদী | লক্ষীপথাৰত | |
| ১৮ | মৰাভৰলী | নদী | তেজপুৰত ব্ৰহ্মপুত্ৰ নদৰ সৈতে সংগমৰ আগত | |
| ১৯ | জয়সাগৰ পুখুৰী | পুখুৰী | শিৱসাগৰত | |
| ২০ | নাদ | ভূমিজল | ষান্মাসিক | তিনচুকীয়া জিলাৰ, ডিগবৈ এলেকাৰ পৰা |
| ২১ | নাদ | ভূমিজল | কাৰ্বিআংলঙৰ পৰা | |
| ২২ | নাদ | ভূমিজল | শিৱসাগৰৰ পৰা | |
| ২৩ | নাদ | ভূমিজল | শিৱসাগৰৰ পৰা | |
| ২৪ | নাদ | ভূমিজল | যোৰহাটৰ পৰা | |
| ২৫ | নাদ | ভূমিজল | শিলচৰৰ পৰা | |
| ২৬ | নাদ | ভূমিজল | বৰপেটাৰ পৰা | |
| ২৭ | নাদ | ভূমিজল | বঙাইগাঁৱৰ পৰা | |
| ২৮ | নাদ | ভূমিজল | শিৱসাগৰৰ পৰা | |
| ২৯ | নাদ | ভূমিজল | শিৱসাগৰৰ পৰা |
অসম ৰাজ্যখন সৰু সৰু পুখুৰীৰে ভৰা। এই হ্ৰদ আৰু পুখুৰী সমূহৰ পানীৰ গুণাগুণ সময়ে সময়ে নিৰীক্ষণ কৰা হয়।
ইয়াৰ বাহিৰেও এই ব`ৰ্ডৰ দ্বাৰা ৰাজ্যখনৰ নিৰ্দিষ্ট সংবেদনশীল এলেকা সমূহৰ ভূমিজল সমূহ সময়ে সময়ে নিৰীক্ষণ কৰা হয় আৰু যেতিয়াই ইয়াক প্ৰয়োজনীয় বুলি ভৱা হয় এই ধৰণৰ কাৰ্য্যসূচী সমূহৰ এতিয়াও উন্নয়ন কৰি থকা হৈছে। উদ্যোগ সমূহৰ স্থাপনৰ কাৰণে জ`নিং এটলাচ নামৰ প্ৰকল্পৰ অধীনত জিলা সমূহৰ কিছুমান নিৰ্বাচিত এলেকাৰ জিলা ভিত্তিক ভূমিজলৰ গুণাগুণো নিৰীক্ষণ কৰা হৈছিল আৰু এইটো এতিয়াও চলি আছে।
তাৰোপৰি, ৰাজ্যত বিপদজনক সহিতে সকলো মূখ্য উদ্যোগ দ্বাৰা নিগৰ্মিত প্ৰদূষণ মাহেকিয়া ভিত্তিত নিৰীক্ষণ কৰা হয় য`তনেকি অন্য সৰু উদ্যোগ সমূহ সময়ে সময়ে বা প্ৰয়োজন সাপেক্ষে নিৰীক্ষণ কৰা হয়।