জৈৱবৈচিত্ৰ ব`ৰ্ডৰ এটা জনাদেশ হ`ল স্থানীয় সম্প্ৰদায় সমূহক জড়িত কৰি জনসমাজৰ জৈৱবৈচিত্ৰ ৰেজিষ্টাৰ (পি বি আৰ)প্ৰস্তুত কৰা। এই ৰেজিষ্টাৰত স্থানীয় জৈৱিক সংসাধন সমূহ, সেই বিলাকৰ ঔষধীয় বা কোনো অন্য ব্যৱহাৰ বা সেইবিলাকৰ লগত জড়িত কোনো অন্য পাৰম্পৰিক জ্ঞানৰ উপলব্ধতা আৰু জ্ঞানৰ ওপৰত ব্যাপক তথ্য থাকিব। পি বি আৰ কেৱল মাত্ৰ কোনো ক্ষেত্ৰৰ প্ৰজাতি সমূহৰ নাম আৰু সেই সমূহৰ বিতৰণৰ সৈতে এখন ৰেজিষ্টাৰেই নহয়, ই এখন ব্যাপক ডেটা বেছো যি মানুহৰ পাৰম্পৰিক জ্ঞান আৰু স্থিতি, ব্যৱহাৰ, ইতিহাস, হৈ থকা পৰিৰ্বতন আৰু তেওঁলোকৰ নিজৰ এলেকাসমূহৰ জৈৱবৈচিত্ৰতা সংসাধনৰ ওপৰত এই পৰিবৰ্তন সমূহক চলাই থকা শক্তিৰ অন্তৰ্দৃষ্টিক ৰেৰ্কড কৰে। ই জৈৱবৈচিত্ৰৰ বৰ্তমান ব্যৱহাৰৰ ধৰণ, স্থানীয় সমূদায় সমূহৰ কাৰণে ইয়াৰ আৰ্থিক লাভৰ ওপৰতো তথ্য প্ৰদান কৰিব। এই ৰেজিষ্টাৰ সমূহে বিকেন্দ্ৰীকৃত ৰূপত জৈৱবৈচিত্ৰৰ নিৰন্তৰ ব্যৱহাৰৰ কাৰণে ভৱিষ্যতে আৱশ্যক হ`ব পৰা কৌশল নীতিৰ কাৰণে বেছলাইন ডাটা গঠন কৰে। ই জৈৱবৈচিত্ৰ সম্পদ আৰু এই সমূহৰ ব্যৱহাৰৰ ওপৰত জ্ঞানৰ বাণিজ্যিক ব্যৱহাৰৰ পৰা উৎপন্ন হোৱা লাভৰ সমবিতৰণত সহায় কৰে। জৈৱবৈচিত্ৰ ৰেজিষ্টাৰে সংৰক্ষণ, আই পি আৰৰ সুৰক্ষা আৰু পাৰম্পৰিক জ্ঞান প্ৰদান কৰে
অসম ৰাজ্যিক জৈৱবৈচিত্ৰ ব`ৰ্ডে ১৩৩ খন জৈৱবৈচিত্ৰ প্ৰৱন্ধন কমিতি ( বি এম চি)সমূহৰ কাৰণে পি বি আৰ কাৰ্য্যসূচীৰ আৰম্ভণিৰ কাৰণে প্ৰতিখন জৈৱবৈচিত্ৰ প্ৰৱন্ধন কমিতি (বি এম চি) লৈ ৫০,০০০/- টকাৰ মূল্যৰ ধন ৰাশি মোকলাই দিয়ে।
| ক্ৰ: নং. | জিলা | বন সংমণ্ডল সমূহ | বি এম চি সমূহৰ নাম | টি এছ জি সমূহৰ নাম | অনুমোদনৰ তাৰিখ |
|---|---|---|---|---|---|
| ১ | নগাওঁ | নগাওঁ সংমণ্ডল | লাওখোৱা আঞ্চলিক বি এম চি | নগাওঁ জিলা | ১২/১২/২০১৪ |
| ২ | নগাওঁ | নগাওঁ সংমণ্ডল | পাখিমৰিয়া আঞ্চলিক বি এম চি | নগাওঁ জিলা | ১২/১২/২০১৪ |
| ৩ | নগাওঁ | নগাওঁ সংমণ্ডল | কলিয়াবৰ আঞ্চলিক বি এম চি | নগাওঁ জিলা | ১২/১২/২০১৪ |
| ৪ | নগাওঁ | নগাওঁ সংমণ্ডল | কলিয়াবৰ আঞ্চলিক বি এম চি | নগাওঁ জিলা | ১২/১২/২০১৪ |
| ৫ | নগাওঁ | নগাওঁ দক্ষিণ সংমণ্ডল | ঢলপুখুৰী আঞ্চলিক বি এম চি | নগাওঁ জিলা | ১২/১২/২০১৪ |
| ৬ | শোণিতপুৰ | শোণিতপুৰ পশ্চিম সংমণ্ডল | বিহগুৰি আঞ্চলিক বি এম চি | শোণিতপুৰ জিলা | ১৫/০২/২০১৭ |
| ৭ | শোণিতপুৰ | শোণিতপুৰ পশ্চিম সংমণ্ডল | বালিপাৰা আঞ্চলিক বি এম চি | শোণিতপুৰ জিলা | ১৫/০২/২০১৭ |
| ৮ | শোণিতপুৰ | শোণিতপুৰ পূব সংমণ্ডল | চতিয়া আঞ্চলিক বি এম চি | শোণিতপুৰ জিলা | ১৫/০২/২০১৭ |
| ৯ | শোণিতপুৰ | শোণিতপুৰ পূব সংমণ্ডল | বিশ্বনাথ আঞ্চলিক বি এম চি | শোণিতপুৰ জিলা | ১৫/০২/২০১৭ |
| ১০ | শোণিতপুৰ | শোণিতপুৰ পূব সংমণ্ডল | ৭ নং নদুৱাৰ আঞ্চলিক বি এম চি | শোণিতপুৰ জিলা | ১৫/০২/২০১৭ |
| ১১ | শোণিতপুৰ | শোণিতপুৰ পূব সংমণ্ডল | বাঘমৰা আঞ্চলিক বি এম চি | শোণিতপুৰ জিলা | ১৫/০২/২০১৭ |
| ১২ | শোণিতপুৰ | শোণিতপুৰ পূব সংমণ্ডল | বিহালী আঞ্চলিক বি এম চি | শোণিতপুৰ জিলা | ১৫/০২/২০১৭ |
| ১৩ | যোৰহাট | যোৰহাট সংমণ্ডল | তিতাবৰ আঞ্চলিক বি এম চি | যোৰহাট জিলা | ২১/০৪/২০১৭ |
| ১৪ | যোৰহাট | যোৰহাট সংমণ্ডল | মধ্য যোৰহাট এ. পি. বি এম চি, চিপাহীখোলা | যোৰহাট জিলা | ২১/০৪/২০১৭ |
| ১৫ | যোৰহাট | যোৰহাট সংমণ্ডল | ৫ নং যোৰহাট এ. পি. বি এম চি, বাঘচোং | যোৰহাট জিলা | ২১/০৪/২০১৭ |
| ১৬ | যোৰহাট | যোৰহাট সংমণ্ডল | কলিয়াপানী এ. পি. বি এম চি, কলিয়াপানী | যোৰহাট জিলা | ২১/০৪/২০১৭ |
| ১৭ | যোৰহাট | যোৰহাট সংমণ্ডল | উত্তৰ পশ্চিম এ. পি. বি এম চি, ঢেকৰগৰা | যোৰহাট জিলা | ২১/০৪/২০১৭ |
| ১৮ | যোৰহাট | যোৰহাট সংমণ্ডল | পূব যোৰহাট, চেলেংঘাট আঞ্চলিক বি এম চি | যোৰহাট জিলা | ২১/০৪/২০১৭ |
| ১৯ | বঙাইগাওঁ | এ আই ই- উপত্যকা সংমণ্ডল | দেংতল আঞ্চলিক বি এম চি | বঙাইগাওঁ জিলা | ২৫/০৪/২০১৭ |
| ২০ | বঙাইগাওঁ | এ আই ই- উপত্যকা সংমণ্ডল | বইতামাৰী আঞ্চলিক বি এম চি | বঙাইগাওঁ জিলা | ২৫/০৪/২০১৭ |
| ২১ | বঙাইগাওঁ | এ আই ই- উপত্যকা সংমণ্ডল | মানিকপুৰ আঞ্চলিক বি এম চি | বঙাইগাওঁ জিলা | ২৫/০৪/২০১৭ |
| ২২ | নলবাৰী | উত্তৰ কামৰূপ সংমণ্ডল | টিহু ব্লক বি এম চি | নলবাৰী জিলা | ০৩/০৫/২০১৭ |
| ২৩ | নলবাৰী | উত্তৰ কামৰূপ সংমণ্ডল | বৰক্ষেত্ৰী ব্লক বি এম চি | নলবাৰী জিলা | ০৩/০৫/২০১৭ |
| ২৪ | নলবাৰী | উত্তৰ কামৰূপ সংমণ্ডল | পূব নলবাৰী ব্লক বি এম চি | নলবাৰী জিলা | ০৩/০৫/২০১৭ |
| ২৫ | নলবাৰী | উত্তৰ কামৰূপ সংমণ্ডল | পশ্চিম নলবাৰী ব্লক বি এম চি | নলবাৰী জিলা | ০৩/০৫/২০১৭ |